Psalms 149

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা,
ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা,

2ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক;

চিয়োনৰ সন্তানসকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক।
3তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক,
খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক।

4কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়;

তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।
5ভক্তসকলে গৌৰৱতে উল্লাসিত হওক;
তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক।

6তেওঁলোকৰ কন্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক,

তেওঁলোকৰ হাতত দুধৰীয়া তৰোৱাল থাকক;
7যাতে তেওঁলোকে জাতিবোৰৰ ওপৰত প্ৰতিশোধ লব পাৰে,
আৰু লোক সমুহক শাস্তি দিব পাৰে;

8যেন তেওঁলোকৰ ৰজাসকলক শিকলিৰে বান্ধিব পাৰে,

তেওঁলোকৰ মান্যৱন্ত লোকক লোহাৰ বেৰিৰে বান্ধিব পাৰে;
যেন তেওঁলোকৰ বিৰুদ্ধে লিখিত বিচাৰ নিষ্পত্তি কৰিব পাৰে,
এয়েই তেওঁৰ সকলো ভক্তৰ গৌৰৱ।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
9

Copyright information for AsmULB